হোজাই, 4 ডিচেম্বৰ : অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ হোজাই জিলাৰ 27 নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ৷ 27 নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মুঠ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।
বৃহস্পতিবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত কোনো এজন প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে ৷ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিজুমনি বৰদলৈ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীক চূড়ান্ত প্ৰতিদ্বন্দী প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয় ৷