অসম

assam

ETV Bharat / state

হোজাইত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ - লামডিং সমষ্টি

লামডিং সমষ্টিৰ 174 নং নিজ উদালী এলপি স্কুল ভোটকেন্দ্ৰৰ বিজেপিৰ প'লিং এজেন্ট মিনাজ হুচেইন লস্কৰক একাংশ কংগ্ৰেছীয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে | ভোটকেন্দ্ৰটোত আনৰ হৈ ভোট দিবলৈ অহা ভুৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে এই আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আহত বিজেপিৰ প'লিং এজেন্টজনে|

হোজাইত বিজেপিৰ পুলিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ

By

Published : Apr 19, 2019, 1:12 PM IST

হোজাই, 19 এপ্ৰিল: ভোটগ্ৰহণৰ পাচতে লামডিং সমষ্টিৰ লংকাৰ উদালীত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ | লামডিং সমষ্টিৰ 174 নং নিজ উদালী এলপি স্কুল ভোটকেন্দ্ৰৰ বিজেপিৰ প'লিং এজেন্ট মিনাজ হুচেইন লস্কৰক একাংশ কংগ্ৰেছীয়ে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে | ভোটকেন্দ্ৰটোত আনৰ হৈ ভোট দিবলৈ অহা ভুৱা ভোটাৰক ধৰা পেলোৱাৰ বাবে এই আক্ৰমণ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আহত বিজেপিৰ প'লিং এজেন্টজনে |

হোজাইত বিজেপিৰ প'লিং এজেন্টক মাৰপিট কংগ্ৰেছ কৰ্মীৰ

আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি উদালী অঞ্চলৰ মজিবুৰ ৰহমান,গিয়াছ উদ্দিন,ছাইদুৰ ৰহমান,ফাৰুক আহমেদৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে এজেন্টজনে | কংগ্ৰেছ কৰ্মীকেইজনৰ এনে গুণ্ডামিৰ বিৰুদ্ধে আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিজেপিৰ প'লিং এজেন্টজনে |

ABOUT THE AUTHOR

...view details