হোজাই, 16 মে’ : হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে আজমল চুপাৰ 40, আজমল গ্ৰুপ অৱ কলেজৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত সফলতা লাভ কৰা ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়(Ajmal Foundation organized a felicitation programme) । মৰিয়ম আজমল উইমেন কলেজ অৱ চাইন্স এণ্ড টেকন’লজিৰ চৌহদত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোঁহাই, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, বদৰুদ্দিন আজমল, চিৰাজ উদ্দিন আজমলৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ সঞ্চালক মাৰুফ আলম প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি ।
হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান - শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত
আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত হোজাইত আজমল চুপাৰ 40, আজমল গ্ৰুপ অৱ কলেজৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়(Felicitation programme at Hojai Ajmal Foundation initiative) । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷
হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
অসমৰ জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা হয় উক্ত অনুষ্ঠানটি । উক্ত সম্বৰ্ধনা অনুষ্ঠানত আজমল চুপাৰ 40(Ajmal Super 40) ৰ পৰা মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত সফলতা লাভ কৰা মুঠ ১৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আজমল আইন মহাবিদ্যালয়ৰ তিনি কৃতি ছাত্ৰ-ছাত্ৰীৰ লগতে বি এড কলেজৰ পৰা সফলতা লাভ কৰা ছাত্ৰীসকলকো অভিনন্দন পত্ৰ, গামোচা আৰু চেক প্ৰদান কৰে আজমল ফাউণ্ডেচনে ।
লগতে পঢ়ক :Mission Amrit Sarovar: ৰাজ্যত হ'ব ৩,০০৭ টা অমৃত সৰােবৰ
TAGGED:
Ajmal Super 40