অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম হোৱাৰ পিচতো চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত পিতা-পুত্ৰ - প্ৰমাণ পত্ৰ

চৰকাৰী দৰিদ্ৰ আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম লোক ৷ বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিচতো চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত পিতা-পুত্ৰ ৷

Fathers and sons who are deprived of government assistance, especially after being able to
বিশেষভাৱে সক্ষম হোৱাৰ পিচতো চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত পিতা-পুত্ৰ

By

Published : Dec 27, 2020, 6:28 PM IST

হোজাই, 27 ডিচেম্বৰ : বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিচতো লাভ নকৰিলে চৰকাৰী সাহাৰ্য । উল্লেখ্য যে, বিগত 30 বছৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত দিন কটাবলগীয়া হৈছে হোজাই জিলাৰ উদালী জাৰুণি গাঁৱৰ আলিমউদ্দিন নামৰ ব্যক্তি গৰাকীৰ লগতে কণমানী পুত্ৰ নাজিৰ আহমেদে ।

বিশেষভাৱে সক্ষম পিতা-পুত্ৰ

লোকজনে ৰুগীয়া গাৰে আনৰ ঘৰে ঘৰে কল বিক্ৰি কৰি পৰিয়াল পোঁহপাল দিবলৈ চেষ্টা কৰিছে যদিও কিছুদিনৰ পৰা স্বাস্থ্যৰ অধিক অবনতি হোৱাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ যাৰ পৰিপেক্ষিতত চৰকাৰ তথা কোনো সু-হৃদয় ব্যক্তিৰ পৰা সহায় বিছাৰিছে পৰিয়ালটোৱে ।

পিতৃৰ বেংকৰ তথ্য

উল্লেখ্য যে, আলিম উদ্দিন আৰু নাজিৰ আহমেদক বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সুবিধা ।

লগতে পঢ়ক :প্ৰাসংগিক প্ৰেক্ষাপট : এইবাৰৰ অতিথি বিজেপিৰ যুৱ নেতা বনমালী শৰ্মা

ABOUT THE AUTHOR

...view details