অসম

assam

ETV Bharat / state

লালীগুড় নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ

নিম্ন মানৰ ক্ষতিকাৰক লালীগুড়ৰ লগতে ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত উৎকৃষ্ট মানৰ লালীগুড়ৰ ব্যৱসায়ো বন্ধ হৈ থকাত ক্ষোভিত হৈ পৰে কৃষক সমাজ

লালীগুৰ নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ

By

Published : Mar 17, 2019, 3:32 PM IST

হোজাই,১৭ মাৰ্চঃ লামডিঙৰ শ্বহীদ মৈদানত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ ।লামডিঙত উৎপাদিত গুৰ পৰীক্ষা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক আহ্বান প্ৰতিবাদকাৰীৰ । বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত নিম্ন মানৰ ক্ষতিকাৰক লালীগুৰৰ লগতে ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত উৎকৃষ্ট মানৰ লালীগুড়ৰ ব্যৱসায়ো বৰ্তমান বন্ধ হোৱাৰ পথত । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতাৰে এতিয়া ওলাই আহিছে লামডিঙৰ কৃষক সমাজ । উল্লেখ্য যে, সুৰা ট্ৰেজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই চিল কৰিছিল বহুকেইটা ব্যৱহাৰ অনুপযোগী লালী গুৰৰ গুদাম । । বহিঃ ৰাজ্যৰ লগতে অসমতো স্থানীয় ভাৱে উৎপাদিত লালীগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ খেতিয়ক আৰু গুৰৰ ব্যৱসায়ীসকল ।

লালীগুৰ নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ


ইফালে প্ৰতিবাদস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় লামডিং সমষ্টিৰ বিধায়কে৷ লগতে বিধায়ক গৰাকীয়ে গোলাঘাটৰ ঘটনাৰ শোক প্ৰকাশ কৰি কয় যে চৰকাৰে লালী গুৰ বন্ধ কৰিছে ভালে কৰিছে লগতে দোষীকো শাস্তি প্ৰদান কৰিছে কিন্তু লামডিং তথা লামডিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহুতো কৃষকে কুঁহিয়াৰ তথা চাক্কি গুৰৰ ওপৰতে নিৰ্ভৰশীল ৷ গতিকে কৃষকৰ সমস্যা বুজি এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ লগত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details