অসম

assam

ETV Bharat / state

হোজাইৰ জাকিৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে

পাঁচ লগৰীয়াৰ সৈতে গৰু বিচাৰিব গৈ নিখোজ হৈছিল জাকিৰ । বনৰীয়া হাতীৰ আক্ৰমণত জাকিৰৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিওঁ পৰিয়ালৰ লোকে ঘটনাটোক সহজ ভাৱে ল'ব পৰা নাই ।

By

Published : Aug 5, 2020, 6:21 PM IST

family demanding to police for proper inquiry of jakir death at hojai
হোজাইৰ জাকিৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে

হোজাই, ৫আগষ্ট: হোজাইৰ হাৱাইপুৰৰ বাসিন্দা জাকিৰ হুছেইন নামৰ যুৱকজন পাঁচ লগৰীয়াৰ লগত যোৱা ১১ জুলাইৰ বিয়লি কপিলীৰ পাৰৰ বগৰী বাগানলৈ গৈছিল গৰু বিচাৰি । গৰু বিচাৰি পিছদিনা পুৱা লগত যোৱা আটাইকেইজন সংগী ঘূৰি আহিল যদিও নাহিল জাকিৰ । ইফালে দুদিন ধৰি পৰিয়ালে জাকিৰৰ সন্ধান চলাই নাপালে কোনো শুংসূত্ৰ ।

হোজাইৰ জাকিৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে

অৱশেষত দুদিনৰ অন্তত লগত যোৱা চাৰি সংগীয়ে দেখুৱাই দিয়া স্থানৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত এটা মাছমৰিয়াৰ দলে উদ্ধাৰ কৰিলে জাকিৰৰ মৃতদেহ । জাকিৰৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় লোকে হোজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

স্থানীয় একাংশৰ সন্দেহ, বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে জাকিৰৰ । কিন্তু মৃদেহটোত বন্যহস্তীৰ আক্ৰমণৰ কোনো চিন পৰিলক্ষিত নোহোৱাত পৰিয়ালৰ লগতে একাংশ লোকে ইয়াক এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ।

হোজাইৰ জাকিৰৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে

ঘটনা সন্দৰ্ভত জাকিৰৰ পৰিয়ালে হোজাই থানাত এখন এজাহাৰ দাখিল কৰিছে যদিওঁ আৰক্ষীৰ পৰা ভুক্তভোগী পৰিয়ালে কোনোধৰণৰ সহাঁৰি নোপোৱাৰ অভিযোগ তুলিলে জাকিৰৰ পত্নীয়ে ।

উল্লেখ্য যে, আৰক্ষী থানাত দাখিল কৰা এজাহাৰত মুছৰৱ হুছেইন, হাচেন আলি, দাদুৰা চৌহান, অবিনাশ চৌহান আৰু বিজুলাল চৌহানৰ নামৰ পাঁচজন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে । উচিত তদন্তৰে ঘটনাৰ লগত জড়িতক আটক কৰাৰ লগতে উচিত শাস্তি বিহিবৰ বাবে হোজাই আৰক্ষী অধীক্ষকক মৃত জাকিৰৰ পত্নীৰ লগতে স্থানীয় ৰাইজে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details