অসম

assam

হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত

By

Published : Nov 9, 2020, 8:18 PM IST

হোজাইত উৎখাত ভুৱা আধাৰকেন্দ্ৰ ৷ হোজাইৰ দেৱস্থানত ভুৱা আধাৰকেন্দ্ৰ উৎখাত কৰাৰ লগতে তিনিজনক আটক ৷ হোজাই জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত মোৰাঝাৰ আৰু দেৱস্থানৰ আৰক্ষীয়ে চলোৱা অভিযানত আধাৰ কেন্দ্ৰটো উৎখাত কৰা হয় ৷

হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত
হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত

হোজাই, 9 অক্টোবৰ:হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত কৰাৰ লগতে তিনিজনক আটক ৷ হোজাইৰ আৰক্ষী অধীক্ষকৰ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আধাৰ কেন্দ্ৰটো উৎখাত কৰা হয় ৷ মোৰাঝাৰ আৰু দেৱস্থানৰ আৰক্ষীয়ে এক অভিযান চলাই আধাৰ কেন্দ্ৰটো উৎখাত কৰে ৷

ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ সৈতে জড়িত তিনি গৰাকীক আটক আৰক্ষীৰ

অভিযোগ অনুসৰি কাৰ্বি আংলঙৰ নামত আৱন্টন লৈ কেন্দ্ৰটো চলাই থকা হৈছিল ৷ জানিব পৰা মতে প্ৰতিটো আধাৰ কাৰ্ডৰ নামত 500 ৰ পৰা 1000 টকা পৰ্যন্ত সংগ্ৰহ কৰা হৈছিল ৷ এই দুস্কাৰ্যৰ সৈতে জড়িত তিনি গৰাকী লোকক আটক কৰাৰ লগতে আৰক্ষীয়ে কেন্দ্ৰটোত থকা কম্পিউটাৰ আৰু লেপটপ আদি জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

ABOUT THE AUTHOR

...view details