অসম

assam

হিমন্ত বিশ্ব শৰ্মাৰ লগত গ'লে উচ্চপদত থাকিলোহেঁতেন : ৰকিবুল হুছেইন

By

Published : Jun 19, 2020, 1:43 PM IST

ইয়াৰোপৰি যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহে বাঘ আৰু ছাগলীয়ে একেলগে ওখ স্থানত বাস কৰে, বাঘে ছাগলীৰ ওপৰত আক্ৰমণ নকৰে গতিকে এই পৰিস্থিতিত আমিও এক হৈ কাম কৰা উচিত ৷ কৰ'ণাক লৈ ৰাজনীতি নকৰিব বুলিও বিৰোধী দলক উদ্দেশ্যি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

Rokibul hussain
ৰকিবুল হুছেইন

হোজাই, 19 জুন: বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ চৰকাৰে সাংসদীয় পুজি আৰু বিধায়ক পুঁজি বন্ধ কৰা প্ৰসংগত বহু মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, চৰকাৰে আৰ্থিক পৰিস্থিতিক লৈ মুকলিকৈ আলোচনা কৰিব লাগে ৷ কৰ'ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ ফলত অৰ্থনীতিত বহু খতি হোৱা বুলি মন্তব্য কৰা দুই এজন মন্ত্ৰীয়ে উৰাজাহাজত ভ্ৰমণ নকৰি গাড়ীৰে ভ্ৰমণ কৰিলেও হয় বুলি বিজেপিক উদ্দেশ্যি মন্তব্য কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷

প্ৰদ্যূত বৰদলৈক লৈ ৰকিবুল হুছেইনৰ মন্তব্য

ইয়াৰোপৰি যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহে বাঘ আৰু ছাগলীয়ে একেলগে ওখ স্থানত বাস কৰে, বাঘে ছাগলীৰ ওপৰত আক্ৰমণ নকৰে গতিকে এই পৰিস্থিতিত আমিও এক হৈ কাম কৰা উচিত ৷ কৰ'ণাক লৈ ৰাজনীতি নকৰিব বুলিও বিৰোধী দলক উদ্দেশ্যি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

ৰকিবুল হুছেইন

লগতে পঢ়কঃমণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ক'ভিডৰ সময়ত আমি একেলগে মিলিজুলি যুঁজ দি মানুহক ৰক্ষা কৰিব লাগে তাকে নকৰি চৰকাৰে টোল গেটৰ পৰা ধৰি খাদ্য বস্তুৰ মূল্য বৃদ্ধি, পে'টলৰ মূল্য বৃদ্ধি কৰি আওপকিয়াকৈ ৰাইজক মাধমাৰ দিছে বুলি সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, ৰকিবুল হুছেইন আৰু কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যূত বৰদলৈৰ মাজত সংঘাত হোৱা নাই, কেৱল মতৰ পাৰ্থক্য আছে বুলি স্পষ্ট কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ লগতে এই সন্দৰ্ভত তেওঁ কয় য়ে, "আজি মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুছি গ'লে হয়তো ভাল স্থানত থাকিলোহেঁতেন, কিন্তু মোক তৰুণ গগৈ ডাঙৰীয়াই বহু সহায় কৰিছে গতিকে মই বিশ্বাসঘাটকতা নকৰো " ৷

ABOUT THE AUTHOR

...view details