অসম

assam

ETV Bharat / state

আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

বিপাঙত পৰিছে লংকাৰ উচ্ছেদিত লোকসকল ৷ কিয়নো প্ৰশাসনে কোনো উপযুক্ত জাননী অবিহনে চলাইছিল উচ্ছেদ অভিযান ৷ যাৰ ফলত মহামাৰী কৰ’ণা (Corona) ৰ এই ভয়াৱহ সময়ত খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে উচ্ছেদিত লোকসকলে ৷

আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক
আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

By

Published : Jun 7, 2021, 1:26 PM IST

হোজাই, 7 জুন :আশ্ৰয়স্থলৰ সন্ধানত বিপাঙত পৰিছে লংকা ৰাজহ চক্ৰ অন্তৰ্গত দুই হাজাৰ বিঘা ভূমিত বসবাস কৰা উচ্ছেদিত (Eviction) লোকসকল ৷ কণ-কণ শিশুক লৈ নিশা আকাশৰ তলত সময় অতিবাহিত কৰিব লগাত পৰিছে লংকাৰ উচ্ছেদিত (Eviction) লোকসকলে ৷

আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

উল্লেখ্য যে, লংকা ৰাজহ চক্ৰ অন্তৰ্গত দুই হাজাৰ বিঘা ভূমিত দেওবাৰে প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান (Eviction) । উচ্ছেদিত ৰাইজৰ অভিযোগ যে, প্ৰশাসনে শনিবাৰে সন্ধিয়াৰ ভাগত জাননী প্ৰদান কৰি দেওবাৰে পুৱাৰ ভাগত চলায় এই উচ্ছেদ (Eviction) অভিযান ৷

এই উচ্ছেদিত অঞ্চলৰ ৰাইজক সেই স্থানৰ পৰা স্থানান্তৰৰ কোনো সুবিধা প্ৰদান নকৰাকৈয়ে চলোৱা হয় এই অভিযান ৷ যাৰ ফলত বিপাঙত পৰিছে উচ্ছেদিত লোকসকল ৷ মহামাৰী কৰ’ণা (corona)ৰ এই ভয়াৱহ সময়ত খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে উচ্ছেদিত লোকসকল ৷

আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

ইফালে মহামাৰী কৰ’ণা (Corona)ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে (Supreme Court) উচ্ছেদ (Eviction) অভিযান স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক অৱমাননা কৰি দেওবাৰে লংকা প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান ৷ যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS)ৰ লগতে আমছুয়েও (AMSU) ৷

লগতে পঢ়ক:কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

ABOUT THE AUTHOR

...view details