অসম

assam

ETV Bharat / state

Japanese encephalitis in Assam: হোজাইত এনকেফেলাইটিছ আৰু ডেংগুৰ সংক্ৰমণ - Japanese encephalitis in Assam

ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ সংক্ৰমণে । প্ৰতিদিনেই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । হোজাইটো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে হোজাইৰ স্বাস্থ্য বিভাগে ।

Encephalitis and dengue infections in Hojai
হোজাইত এনকেফেলাইটিছ আৰু ডেংগুৰ সংক্ৰমণ

By

Published : Aug 5, 2023, 7:18 PM IST

হোজাইত এনকেফেলাইটিছ আৰু ডেংগুৰ সংক্ৰমণ

হোজাই,৫ আগষ্ট: ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ ত্ৰাস । প্ৰতিদিনেই বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগীৰ সংখ্যা । সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশত প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্ততে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নিতৌ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা ।

হোজাইতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা । সেয়ে হোজাইত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে হোজাইৰ স্বাস্থ্য বিভাগে ।

এই সন্দৰ্ভত এক সামগ্ৰীক তথ্য সদৰি কৰে হোজাইৰ স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাই । স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে জনোৱা অনুসৰি হোজাইত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা তিনিজন ।

ইতিমধ্যেই তিনিজনৰ মাজৰ এজনে ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ নিজ গৃহত থকাৰ লগতে আন এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু আনজন ডিফু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰে । আনহাতে আকৌ হোজাইত ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৩ জন বুলি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাই জনায় ।

তাৰে ১১ জন কাৰ্বি আংলং জিলাৰ পৰা ভ্ৰমণ কৰি অহাৰ তথ্য পোৱা গৈছে । যুটীয়া সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাই সদৰী কৰা অনুসৰি জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু প্ৰতিৰোধ কৰিবলৈ সকলোধৰণৰ ৰক্ত পৰীক্ষা তথা সকলো ৰোগৰ চিকিৎসাৰ বাবে হোজাই স্বাস্থ্য বিভাগ বৰ্তমান সময়ত প্ৰস্তুত থকা বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে, শনিবাৰে ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে ধাৰণ কৰা ভয়াবহতাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । তেওঁ কয় যে, ৰাজ্যত বৰ্তমানলৈ ২৫৪ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে । তাৰ ভিতৰত ৯ জন লোকৰ মৃত্যু হৈছে । লগতে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা কম হোৱা বুলিও সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Guwahati Traffic: গুৱাহাটী মহানগৰীৰ শিৰত যান-বাহনৰ অভাৱনীয় বোজা; দৈনিক চলাচল 10 লক্ষাধিক বাহনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details