হোজাই, ৭ এপ্ৰিল: হোজাইৰ কোমোৰাকটাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । খাদ্যৰ সন্ধনত ওলাই অহা এটা হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰিছে । হাতীৰ জাকটোৱে হোজাইৰ পৰা কাৰ্বি আংলং সংযোগী পথৰ ওপৰেৰে পাৰ হৈ যায় ৷
হোজাইত বনৰীয়া হাতীৰ মুক্ত বিচৰণ - কোমোৰাকটাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
হোজাইৰ কোমোৰাকটাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । খাদ্যৰ সন্ধনত ওলাই অহা এটা হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰি একপ্ৰকাৰ ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে ।
হোজাইত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
এইদৰে খাদ্যৰ সন্ধনত হাবিৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে জিলাখনৰ কোমোৰাকটাৰ পথত ৰৈ থকাৰ ফলত পথৰ দুয়োপাৰে কেবা ঘন্টাজুৰি ৰৈ থাকিবলগীয়া হৈছে পথচাৰীসকল । এইদৰে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাত হোজাই বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন পথচাৰীসকলৰ ।
লগতে পঢ়ক: দিৰৈ নৈত সলিল সমাধি তিনি কিশোৰৰ