অসম

assam

ETV Bharat / state

ডবকা সমবায় সমিতিত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান

মঙলবাৰে হোজাইৰ ডবকা সমবায় সমিতিত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অভিযান ৷ চৰকাৰী চাউল বিতৰণ কেলেংকাৰীৰ অভিযোগত বহুকেইজন সমবায় এজেণ্ট আৰু সুলভ মূল্যৰ দোকানীক সোধ-পোচ কৰাৰ লগতে বহু নথি-পত্ৰ জব্দ কৰে দলটোৱে ৷

Economic crime branch Expedition at Dabaka Hojai
ডবকা সমবায় সমিতিত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান

By

Published : Aug 5, 2020, 12:22 PM IST

নগাঁও, 5 আগষ্ট: হোজাইৰ ডবকা সমবায় সমিতিৰ কাৰ্যালয়ত মঙলবাৰে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ এটা 5 জনীয়া দলে চলোৱা অভিযানত গুদাম ঘৰৰ লগতে বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰে ৷ অনুসন্ধানকাৰী শাখাৰ দলটোৱে বহুকেইজন সমবায় এজেণ্ট আৰু সুলভ মূল্যৰ দোকানীক সোধ-পোচ কৰাৰ লগতে তদন্তৰ বাবে বহু নথি-পত্ৰ জব্দ কৰে ৷ এই অভিযানত শাখাটোৰ সৈতে যোগান বিভাগৰ বহু বিষয়াৰ লগতে যোগান বিভাগৰ পৰিদৰ্শক নেগীব খান উপস্থিত থাকে ৷

ডবকা সমবায় সমিতিত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান

অভিযোগ অনুসৰি, চৰকাৰে দীৰ্ঘদিনৰ পৰা দুখীয়া লোকৰ বাবে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী গৰীব যোজনাৰ চাউল তথা অন্যান্য চৰকাৰী আঁচনিৰ চাউল বিতৰণত ডবকা সমবায় সমিতিৰ অন্তৰ্গত বহু সুলভ মূল্যৰ দোকানী আৰু এজেণ্টসকলে ব্যাপক খেলি-মেলিৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰোপৰি, একাংশ সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে দুখীয়া লোকক চাউল বিতৰণ কৰি আছে ৷

এনেকুৱা একাধিক অভিযোগৰ ভিত্তিত অনুসন্ধানকাৰী শাখাৰ দলটোৱে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই অভিযান কালত সম্প্ৰতি কোনো লোকক আটক কৰা নাই ৷ লগতে, অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে এই সন্দৰ্ভত কোনো মতামত আগবঢ়োৱা নাই ৷

লগতে পঢ়ক:কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা

ABOUT THE AUTHOR

...view details