হোজাই, ১৮ আগষ্ট: বন বিভাগে অবৈধভাৱে বনজ সম্পদৰ ব্যৱসায় কৰাত বাধা আৰোপ কৰি অহাৰ পাছতো একাংশ অসাধু লোকে অব্যাহত ৰাখিছে বেহা । বন বিভাগৰ নিৰ্দেশ, শাস্তি, জৰিমনা একোৱেই যেন প্ৰভাৱ পেলাব নোৱাৰে এনে ব্যৱসায়ীৰ ওপৰত । হোজাই জিলাতো অব্যাহত আছে কাঠ আৰু শিলৰ অবৈধ বেহা । মঙলবাৰে হোজাই জিলাৰ লংকাত বন বিভাগে জব্দ কৰিলে এখন শিল ভৰ্তি ডাম্পাৰ ।
বন কৰ্মীয়ে নিয়ামীয়াভাৱে টহল দি থকাৰ সময়তে ডাম্পাৰখন প্ৰত্যক্ষ কৰে আৰু ৰখাবলৈ নিৰ্দেশ দিয়ে । কিন্তু ডাম্পাৰ চালকজনে বন বিভাগৰ নিৰ্দেশ অৱমাননা কৰি লংকা অভিমুখে দ্ৰুত গতিৰে আগবাঢ়ি গৈ থাকে । পিছত ভালুকমাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ডাম্পাৰখন ৰখাই চালকজন সেই স্থানৰ পৰা পলায়ন কৰে । ডাম্পাৰখনক অনুসৰণ কৰি আহি থকা বনবিভাগৰ লোক কিছু সময়ৰ পিছতে সেই স্থানত উপস্থিত হয় ।