অসম

assam

By

Published : Jul 15, 2020, 5:54 PM IST

ETV Bharat / state

ক্ৰমাৎ সুস্থ হৈছে বদৰুদ্দিন আজমল

ক'ভিড-19, মধুমেহ আৰু খাদ্যনলীত হোৱা সংক্ৰমনৰ বাবে মুম্বাইৰ ছেইফি হাস্পতালত চিকিৎসাধীন হৈ থকা এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্য এতিয়া পূৰ্বতকৈ উন্নত । আনহাতে, আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলো ক'ভিড-19 ত আক্ৰান্ত হৈ ছেইফি হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও তেওঁ সুস্থ হৈ উঠাত মংগলবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ।

Duburi MP Baduriddin Azmal Now Health condition is Good
ক্ৰমাৎ সুস্থ হৈছে বদৰুদ্দিন আজমল

গুৱাহাটী, 15 জুলাই :ক'ভিড-19,মধুমেহ আৰু খাদ্যনলীত হোৱা সংক্ৰমণৰ বাবে মুম্বাইৰ ছেইফি হাস্পতালত চিকিৎসাধীন হৈ থকা এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্য এতিয়া পূৰ্বতকৈ উন্নত । ইতিমধ্যে,বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত প্ৰায় সুস্থ হৈ উঠিছে আজমল । আনহাতে,আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলো ক'ভিড-19 ত আক্ৰান্ত হৈ ছেইফি হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও তেওঁ সুস্থ হৈ উঠাত মঙলবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ।

ক্ৰমাৎ সুস্থ হৈছে বদৰুদ্দিন আজমল

ইটিভি ভাৰতৰ আগত বুধবাৰে এই কথা প্ৰকাশ কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে কয় যে প্ৰায় ৭০ শতাংশ সুস্থ হৈ উঠিছে সাংসদ বদৰুদ্দিন আজমল । অৱশ্যে,তেওঁ এতিয়াও চিকিৎসাধীন অৱস্থাতে আছে । আনহাতে, ক'ভিড-19 নিগেটিভ হোৱাৰ বাবে ইতিমধ্যে চিৰাজুদ্দিন আজমলক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে বুলিও প্ৰকাশ কৰে আমিনুল ইছলামে ।

ক্ৰমাৎ সুস্থ হৈছে বদৰুদ্দিন আজমল

ইপিনে,বদৰুদ্দিন আজমল অসুস্থ হৈ পৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিতো ই এক চৰ্চাৰ বিষয় হৈ পৰিছে । এটা ৰাজনৈতিক দল গঠন কৰি তাক সক্ৰিয় কৰি ৰাখিবলৈ যি বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হয়, সেই সকলোখিনিৰ ব্যৱস্থা বদৰুদ্দিন আজমলেই কৰি আহিছে । ইপিনে,সন্মুখত বিধানসভা নিৰ্বাচন। গতিকে স্বাভাৱিকতে আজমলৰ অসুস্থতাৰ বাতৰিয়ে উদ্বিগ্ন কৰি ৰাখিছে দলটোৰ নেতা,কৰ্মী,সমৰ্থকসকলক ।

মনকৰিবলগীয়া যে,এ আই ইউ ডি এফৰ হৈ ইতিমধ্যে আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল,দুই পুত্ৰ আব্দুৰ ৰহিম আজমল আৰু আব্দুৰ ৰহমান আজমলে ইতিমধ্যে বিধানসভা-লোকসভা গৰকিছে । এক কথাত ৰাজনৈতিক দল হ'লেও এ আই ইউ ডি এফ "ৱান মেন" শ্ব' । বিগত ২০০৯ৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈছিল চিৰাজুদ্দিন আজমল । তাৰ পূৰ্বে তেওঁ আছিল যমুনামুখ বিধানসভা সমষ্টিৰ বিধায়ক। বদৰুদ্দিন আজমলে এ আই ইউ ডি এফৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিলৈ আনিছিল তেওঁৰ দুই পুত্ৰ আব্দুৰ ৰহমান আজমল আৰু আব্দুৰ ৰহিম আজমলকো। ২০১১ৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহমান আজমল দক্ষিণ শালমাৰাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ আহিছিল যদিও ২০১৬ ত তেওঁ পৰাজয় বৰণ কৰিছিল । আনহাতে, ২০১১ আৰু ২০১৬ দুয়োটা বিধানসভা নিৰ্বাচনতে যমুনামুখ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে বদৰুদ্দিন আজমলৰ আনজন পুত্ৰ আব্দুৰ ৰহিম আজমল ।

লগতে পঢ়ক : মণ্ট ব্লেংক হিমবাহত উদ্ধাৰ 1966 চনৰ ভাৰতীয় সংবাদপত্ৰ

ABOUT THE AUTHOR

...view details