হোজাই, 24 ডিচেম্বৰ: ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ সময়তে হোজাইৰ ডবকাতো জব্দ কৰা হয় বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে চলোৱা এক অভিযানত(Anti drugs mission at Hojai) জব্দ হোৱা হেৰ’ইনখিনিৰ মূল্য প্ৰায় পাচ কোটি টকা ৷
মণিপুৰৰ পৰা ডবকাৰ মাজেৰে সৰবৰাহ কৰি থকাৰ সময়তে নিশা ডবকা আৰক্ষীয়ে আটক কৰে 769. 92 গ্ৰাম হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক((Drug peddler arrested at Hojai) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে ইমৰান আৰু মুকেশ ৷ দুয়োৰে ঘৰ ডিমাপুৰত বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনি সৰবৰাহকাৰীয়ে ৬১ টা চাবোনৰ বাকচত ভৰাই আনিছিল ৷