লংকা ৰে'ল ষ্টেচনত নিচাযুক্ত টেবলেট জব্দ - assam news
ৰে'ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত গৰাকী বিহীনভাৱে পৰিত্যক্ত অৱস্থাত এটা মোনাৰ পৰা উদ্ধাৰ এছ পি নামৰ নিচাযুক্ত টেবলেটখিনি | লংকা ৰে'ল ষ্টেচনৰ দৈনিক তালাচীত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাযুক্ত টেবলেটখিনি ৷

হোজাই, 11 জুলাইঃ হোজাইৰ লংকা ৰে'ল ষ্টেচনত বুধবাৰে নিশা উদ্ধাৰ বহু পৰিমাণৰ নিচাযুক্ত টেবলেট | ৰে'ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত গৰাকী বিহীনভাৱে পৰিত্যক্ত অৱস্থাত এটা মোনাৰ পৰা উদ্ধাৰ এছ পি নামৰ নিচাযুক্ত টেবলেটখিনি | লংকা ৰে'ল ষ্টেচনৰ দৈনিক তালাচীত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাযুক্ত টেবলেটখিনি | জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ দুই লক্ষাধিক টকা | মোনাটোৰ ভিতৰত 24 টা পলিথিনত সৰ্বমুঠ 24,820 টা নিচাযুক্ত টেবলেট জব্দ কৰে লংকা ৰে'ল আৰক্ষীয়ে | বৰ্তমানলৈকে কোনো ব্যক্তিক আটক কৰা নাই যদিও নিচাযুক্ত টেবলেট খিনি বৰ্তমান ৰে'ল আৰক্ষীৰ জিম্মাত ৰখা হৈছে আৰু ঘটনা সন্দৰ্ভত লংকা ৰে'ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |