হোজাই, 19 আগষ্ট :টোলগেটে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক ৷ এনে সময়তে হোজাই জিলাৰ ডবকাত চালক সন্থাই টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ জৰিয়তে পুনৰ ডবকাৰ টোলগেট( Doboka toll plaza )ত প্ৰৱঞ্চনাৰে একাংশ বাহনৰ পৰা কৰ সংগ্ৰহ কৰাৰ এক অভিযোগ উত্থাপন কৰে চালক সন্থাই ৷
টোলগেটেৰে যাতায়ত নকৰা একাংশ বাহনৰ পৰা প্ৰৱঞ্চনাৰে কৰ সংগ্ৰহ কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । চালক সন্থাৰ অভিযোগ মতে, টোলগেট খনত গোপনে প্ৰৱঞ্চনাৰে কৰ সংগ্ৰহ কৰা হোৱাৰ লগতে চিণ্ডিকেট ৰাজ চলিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত টোলগেটৰ বিৰুদ্ধ ডবকা থানাত এক গোচৰো ৰুজু কৰে চালক সন্থাই ।
অবৈধভাৱে যান-বাহনৰ পৰা কৰ সংগ্ৰহ কৰাৰ বাবে ডবকাৰ টোলগেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ।