অসম

assam

ETV Bharat / state

ডবকাত মুকলি টোল গেট

বৃহস্পতিবাৰৰ পৰা আৰম্ভ ডবকাৰ টোল গেট ৷ মাৰ্চ মাহত মুকলি কৰাৰ কথা আচিল যদিও কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবে বন্ধ হৈ আছিল মুকলি অনুষ্ঠান ৷

Doboka toll-gate open
ডবকাত ৰাষ্ট্ৰীয় ঘাইপথ অধিনিয়ম ১৯৫৬ ৰ অধীনত টোল গেট মুকলি

By

Published : May 14, 2020, 7:24 PM IST

হোজাই, 14 মে' : বৃহস্পতিবাৰৰ পৰা ডবকাত আৰম্ভ কৰা হ'ল টোল গেট ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অধিনিয়ম ১৯৫৬ ৰ অধীনত পথ কৰ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ অধীনত স্থাপিত ডবকা টোল গেট খন বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় ৷ হোজাই জিলাৰ ডবকা চহৰৰ পৰা মাত্ৰ দুই কিল'মিটাৰ নিলগৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডবকা টোল প্লাজাখন আজি পুৱাৰ ভাগত ধৰ্মীয় ৰীতি-নীতিৰে মুকলি কৰা হয় ৷

উক্ত মুকলি অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ডবকা ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া ইলিয়াচ আহমেদ, অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, ডবকা আৰক্ষী পৰিদৰ্শক, ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি কমল বনিয়া, বিজেপি নেতা নজমুল আলম লস্কৰ, মীৰা বাগলাৰী, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হৈ প্ৰকল্প সঞ্চালক এছ আৰ ভট্টাচাৰ্য, গাণনিক বিষয়া জি এছ পানি, নবীন কুমাৰ, সঞ্জয় বসুমতাৰী, দ্বীপজ্যোতি শইকীয়াৰ লগতে ডবকাৰ কেবা গৰাকী বিশিষ্ট ব্যক্তি ৷

ডবকাত ৰাষ্ট্ৰীয় ঘাইপথ অধিনিয়ম ১৯৫৬ ৰ অধীনত টোল গেট মুকলি

উল্লেখযোগ্য যে, টোলগেটখন যোৱা মাৰ্চ মাহতে আৰম্ভ কৰাৰ কথা আছিল যদিও লক্ ডাউনৰ বাবে মুকলি কৰিব পৰা নাছিল ৷ সম্প্ৰতি লক্ ডাউন কিছু শিথিল হোৱাত আজি পুৱাৰ ভাগত টোলগেটখন এক অনুষ্ঠুপীয়া কাৰ্যসূচীৰ মাজৰে মুকলি কৰা হয় ৷

আনহাতে, লক্ ডাউনৰ মাজতে উক্ত টোলগেটখন মুকলি কৰাৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

ডবকাত ৰাষ্ট্ৰীয় ঘাইপথ অধিনিয়ম ১৯৫৬ ৰ অধীনত টোল গেট মুকলি

লগতে পঢ়ক: নগাঁৱত বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাৰ অশ্লীল ফ'টো ভাইৰেল

ABOUT THE AUTHOR

...view details