অসম

assam

By

Published : Jun 7, 2020, 8:45 PM IST

ETV Bharat / state

ডবকাত আৰ্তজনৰ কাষত আজমল ফাউণ্ডেশ্বন

বান সংহাৰ আৰু কৰ'ণাৰ বাবে লকডাউনৰ ফলত জীৱন নিৰ্বাহত অসুবিধাত পৰা ডবকাৰ ভেলৌগুৰিত খাদ্য সামগ্ৰী প্ৰদানৰ লগতে ২০ টা পৰিয়ালক একোটাকৈ পকীঘৰ নিৰ্মাণ কৰিব দিবৰ বাবে আগবাঢি আহিছে আজমল ফাউণ্ডেশ্বন ।

ajmal foundations  foods and house provide poor famaliy  doboka
ডবকাত আতজনৰ কাষত আজমল ফাউন্দেছন

হোজাই,৭ জুনঃহোজাই জিলাৰ ডবকা ভেলৌগুৰিত আৰ্তজনৰ ওচৰত থিয় দিছে আজমল ফাউণ্ডেশ্বনে । এফালে কৰ'ণা মহামাৰি আনফালে বান, এই সংহাৰৰ মাজতে ডবকা ভেলৌগুৰিত আৰ্তজনৰ ওচৰত থিয় দিছে সংগঠনটোৱে ৷

অঞ্চলটোত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰন কৰাৰ লগতে দুখীয়া চাহজনজাতি লোকসকলক বিশেষ উপহাৰ হিচাবে প্ৰথম পৰ্যায়ত 20 টাকৈ ঘৰ সাজি দিয়ে সংগঠনটোৱে ৷ প্ৰতিটো পৰিয়ালকে একোটাকৈ পকী ঘৰ সাজি দিয়ে আজমল ফাউণ্ডেশ্বনে ৷ ইপিনে দেওবাৰে হোজাই আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰানে আনুষ্ঠানিকভাৱে প্ৰথমটো গৃহ উদ্বোধন কৰে ৷ চাহজনজাতি লোকসকলে আজমল ফাউণ্ডেশ্বনক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details