অসম

assam

ETV Bharat / state

হোজাইত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ শুভ উদ্বোধন - ন্যায়াধীশ চুমন শ্যামে

শনিবাৰে হোজাইত উদ্বোধন কৰা হ'ল জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চুমন শ্যামে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত উদ্বোধন কৰে ।

হোজাইত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ শুভ উদ্বোধন
হোজাইত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ শুভ উদ্বোধন

By

Published : Mar 6, 2021, 9:11 PM IST

হোজাই, ৬ মাৰ্চ: হোজাইত শনিবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ শুভ উদ্বোধন কৰা হয় । আদালত উদ্বোধনৰ লগত সংগতি ৰাখি ন্যায়ালয়ৰ বাকৰিত এখন সভাও অনুষ্ঠিত হয় । জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চুমন শ্যামে ।

হোজাইত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ শুভ উদ্বোধন

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ন্যায়াধীশ চুমন শ্যামে কয় যে, ১৯৮২ চনত হোজাই জিলাৰ শংকৰদেৱ নগৰত আদালত প্ৰতিষ্ঠা হোৱাৰ সময়ত হোজাইত কেৱল ৯ জন বাৰ এছ'চিয়েছনৰ সদস্য আছিল । বৰ্তমান এই সদস্য সংখ্যা ১৫৬ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ ভিতৰত ৪৯ গৰাকী মহিলা সদস্য । বাৰ এছ'চিয়েছনৰ প্ৰতি আগবঢ়োৱা সহায় সহযোগিতা বাবে ন্যায়াধীশ চুমন শ্যামে স্থানীয় প্রশাসন আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।

এই সভাত নগাঁও জিলা সত্র ন্যায়াধীশ ইন্দিৰা বৰ্মন, হোজাই জিলাৰ নৱ নিযুক্ত সত্র ন্যায়াধীশ আদিত্র হাজৰিকা আৰু হোজাই জিলা উকিল সন্থাৰ সভানেত্ৰী ৰোহিনা ৱাৰিচ প্ৰমুখ্যে বহু কেইজন ন্যায়াধীশ, জেষ্ঠ অধিবক্তা তথা স্থানীয় প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:তেজপুৰত বৃন্দাবন গোস্বামীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী

ABOUT THE AUTHOR

...view details