হোজাই,19 চেপ্তেম্বৰঃ হোজাই জিলাৰ দুটি দুৰ্ভগীয়া পৰিয়ালক আইন সেৱা প্ৰাধিকৰণে প্ৰদান কৰিলে এককালীন সাহাৰ্য। উল্লেখযোগ্য যে, জিলা আইন সেৱা প্ৰাধিকৰণে যমুনামুখত ৩১ মে ২০১৭ চনত শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালক এককালীন সাহাৰ্য হিচাপে পাঁচ লাখ টকা প্ৰদান কৰে ৷
হোজাইত দুৰ্ভগীয়া পৰিয়ালক আইন সেৱা প্ৰাধিকৰণৰ এককালীন সাহাৰ্য প্ৰদান - ককালীন সাহাৰ্য
প্ৰয়াত শিক্ষয়ত্ৰী অৰ্ণমাই বৰা আৰু দাৰিয়াবস্তিৰ চাৰি বছৰ ৯ মহীয়া এগৰাকী কিশোৰীক হত্যা কৰা পৰিয়াল বৰ্গক এককালীন সাহাৰ্য প্ৰদান কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে ৷
হোজাইত দুৰ্ভগীয়া পৰিয়ালক আইন সেৱা প্ৰাধিকৰণৰ এককালীন সাহাৰ্য প্ৰদান
ইপিনে ২৬ ফ্ৰেব্ৰুৱাৰী ২০২০ ত হোজাই দাৰিয়াবস্তিৰ চাৰি বছৰ ৯ মহীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ভুক্তভোগী পিতৃ-মাতৃকো এককালীন সাহাৰ্য পাঁচ লাখ টকা প্ৰদান কৰে হোজাই দিলা আইন সেৱা প্ৰাধিকৰণে ।
লগতে পঢ়কঃযোৰহাটত জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী