হোজাই,৩ অক্টোবৰ :হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত আৱৰ্ত ভৱনত অসম চৰকাৰৰ 'প্ৰাৰ্থনা আঁচনি'ৰ (Prarthana Scheme) অধীনত নিৰ্দিষ্ট ধনৰাশিৰ চেক বিতৰণ কৰা হয় । অসম চৰকাৰৰ বন আৰু পৰিৱেশ, আবকাৰী আদি দপ্তৰৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya) উপস্থিত থাকে এই অনুষ্ঠানত । অনুষ্ঠানটোত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং বিধানসভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু উপায়ুক্ত অনুপম চৌধুৰীও উপস্থিত থাকে ।
হোজাই জিলাত ক'ভিডত (Covid) প্ৰাণ হেৰুওৱা আঠগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক সাহায্য হিচাপে প্ৰাৰ্থনা আঁচনিৰ অধীনত ১ লাখ কৈ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ক'ভিডত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক অসমৰ মুখ্যমন্ত্ৰীৰ হৈ গভীৰ শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰে । লগতে মন্ত্রী গৰাকীয়ে এই অনুষ্ঠানৰ জৰিয়তে ক'ভিড প্ৰতিষেধক (Covid Vaccine) গ্ৰহণ নকৰা জনসাধাৰণক অতি সোনকালে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।