অসম

assam

By

Published : Jun 9, 2020, 8:19 PM IST

ETV Bharat / state

"লাহে লাহে অসমত ক'ৰণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব" ডঃ হিমন্ত বিশ্ব শৰ্মা

কোভিড ১৯ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য আজি ডিমা হাছাও আৰু কাৰ্বি আংলঙ জিলাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী।

dimahaso district  visit  helth minister dr himonta biswa shrama
ডিমা হাছাওত ড০ হিমন্ত বিশ্ব শমা

হোজাই ,৯ জুনঃ ৰাজ্যত অব্যাহত আছে কোভিড-১৯ ৰ ভয়াৱহতা। ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্বত্য জিলা ডিমা হাছাওৰ পাছতেই পশ্চিম কাৰ্বি আংলঙত আহি উপস্থিত হ'ল অসমৰ স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী পীযুষ হাজৰিকা আৰু সংসদ পল্লৱ লোচন দাস। জিলাখনত ক'ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলৈ কোভিড-১৯ চিকিৎসালয় হিচাপে ৰূপান্তৰিত কৰা খেৰণি আদর্শ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয় স্বয়ং মন্ত্রীকেইগৰাকীয়ে।

"লাহে লাহে অসমত ক'ৰণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব" ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমত "অহা ১৫ জুনৰ পাছৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব আৰু লাহে লাহে অসমত ক'ৰণা সংক্ৰমণ আৰু আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব" বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে একেদৰে পৰিস্থিতিৰ বুজ লবলৈ ডংকামোকাম আৰু হামৰেণলৈ ৰাওনা হয় দলটো। আৰু হামৰেণত অনুষ্ঠিত কৰা সংবাদমেলত ক'ৰণা পৰা মুক্ত কৰিবলৈ ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰ্বি আংলং জিলাবাসীক অৱগত কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে মঙলবাৰে পৰিদৰ্শন আৰু পৰ্যবেক্ষণৰ সময়ছোৱাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,কাৰ্যবাহী সদস্য ক্ৰমে মঙ্গলছিং তিমুং,প্ৰদীপ ৰংপি,খনছিং ৰংপি,ৰূপছিং তেৰণ,বৈঠালাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিৰ লগতে কেবাগৰাকী কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য উপস্থিত থাকে।

লগতে চাওকঃ বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল কিয় ?

ABOUT THE AUTHOR

...view details