হোজাই, 10 জুলাইঃ ধন উপাৰ্জনৰ উদ্দেশ্যে এতিয়া বহুতেই ইউটিউব চেনেল খোলে ৷ ইউটিউবৰ পৰা পোৱা ধনেৰে বহুতেই স্বাৱলম্বী হ'বলৈও সক্ষম হৈছে ৷ কিন্তু ইউটিউবৰ ধনৰ বাবেই এতিয়া আইনী মেৰপেঁচত সোমাই পৰিছে হোজাইৰ এজন ইউটিউবাৰ ৷ 'The All Networks' চেনেলটোৰ পৰিচালক তাজ উদ্দিনৰ বিৰুদ্ধে গোচৰ তৰিছে তেওঁৰে সহকৰ্মীয়ে । চেনেলটোৰ পৰা উপাৰ্জিত ধন আত্মসাতৰ অভিযোগ তাজ উদ্দিনৰ বিৰুদ্ধে ।আনহাতে, ধন আত্মসাতৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে তাজ উদ্দিনে ।
ইউটিউবৰ পৰা আহিল ধন, লগতে কাকী থানাত গোচৰ - assam news
ইউটিউবৰ নীতি অনুসৰি তাজ উদ্দিনৰ একাউন্টতত 20 হাজাৰ টকা জমা হয় ৷ জমা হোৱা ধনৰাশিৰ ভাগ বিচাৰি তিনি সহকৰ্মীয়ে বৰ্তমান ভাবুকি প্ৰদান কৰাৰ লগতে কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।
![ইউটিউবৰ পৰা আহিল ধন, লগতে কাকী থানাত গোচৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3798432-thumbnail-3x2-uuu.jpg)
ইউটিউবে বিপাঙত পেলাইছে হোজাইৰ যুৱকক!
ইউটিউবে বিপাঙত পেলাইছে হোজাইৰ যুৱকক!
উল্লেখ্য যে, চেনেলটোত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দুটা বিশেষ চৰ্তত হিফজুৰ ৰহমান,ৱাহিদুৰ ৰহমান আৰু চাৰিমুল হুছেইন নামৰ যুৱক তিনিজনে সহযোগিতা আগবঢ়াইছিল ৷ কিন্তু সেই চৰ্ত ৰক্ষা কৰা নাছিল তাজ উদ্দিনৰ তিনি সহকৰ্মীয়ে ৷ সময় সাপেক্ষে ইউটিউবৰ নীতি অনুসৰি তাজ উদ্দিনৰ একাউন্টতত 20 হাজাৰ টকা জমা হয় ৷ জমা হোৱা ধনৰাশিৰ ভাগ বিচাৰি তিনি সহকৰ্মীয়ে বৰ্তমান ভাবুকি প্ৰদান কৰাৰ লগতে কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।