অসম

assam

ETV Bharat / state

লংকাৰ গুৰুদ্বাৰ পৰিদৰ্শন বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ - Deputy Speaker

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে শুকুৰবাৰে প্ৰথমবাৰলৈ হোজাইস্থিত শিখসকলৰ ধৰ্মীয় স্থান গুৰুদ্বাৰ পৰিদৰ্শন কৰে ৷

Deputy Speaker of Assam Assembly Assembly visit Gurudwara in Lanka
লংকাৰ গুৰুদ্বাৰাত অসম বিধানসভাৰ উপাধ্যক্ষ

By

Published : Aug 28, 2021, 9:00 AM IST

হোজাই, 28 আগষ্ট :অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে শুকুৰবাৰে হোজাই জিলাৰ লংকা চহৰৰ মাজমজিয়াস্থিত গুৰুদ্বাৰত উপস্থিত হয় ৷ সদৌ অসম অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙৰ উপস্থিতিত মমিনক লংকা গুৰুদ্বাৰ সমিতিৰ বিষয়ববীয়াসকলে পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনায় ।

জীৱনত প্ৰথমবাৰৰ বাবে গুৰুদ্বাৰত প্ৰৱেশ কৰা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে আশীষ লৈ বহু পবিত্ৰ অনুভৱ কৰা বুলি মন্তব্য কৰে ৷ আনহাতে, সাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ বৰ্তমান অসম বিধানসভাৰ কাৰ্যাৱলী পূৰ্বৰ তুলনাতকৈ বহু শান্তিপূৰ্ণভাৱে পৰিচালনা হোৱা বুলি প্ৰকাশ কৰে ।

লংকাৰ গুৰুদ্বাৰাত অসম বিধানসভাৰ উপাধ্যক্ষ

বোকাখাতৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ গৰাকীয়ে লগতে কয় যে, অসম বিধানসভাত জোতা দলিওৱা, মাৰপিট কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰো নজিৰ আছে । এই সকলোবোৰৰ উপৰিও শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত উপাধ্যক্ষগৰাকীয়ে এজনীয়া দলৰ লোকজনৰহে TRP বাঢ়িব বুলি কৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক :উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

ABOUT THE AUTHOR

...view details