লামডিং, 14 মে' : অৱশেষত বুধবাৰে নিশা লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত হয় দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল। এই ৰে'লখনৰ পৰা লামডিং ষ্টেচনত সৰ্বমুঠ ৪৪ গৰাকী যাত্ৰী নামে ৷ ইয়াৰে ভিতৰত লামডিঙৰ ১৬ জন , হোজাই ৮ জন,কাৰ্বি আংলং ৬ জন,ডিমাহাচাও ৭ জন, বিশ্বনাথ চাৰিআলিৰ ৫জন আৰু মোৰাঝাৰৰ ১জন যাত্ৰী আহিছিল বুলি অৱগত কৰিছে দায়িত্বত থকা বিষয়াই।
লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল - লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল
লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত হয় দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল। এই ৰে'লখনৰ পৰা লামডিং ষ্টেচনত সৰ্বমুঠ ৪৪ গৰাকী যাত্ৰী নামে ৷

লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল
লামডিং ৰে'লৱে ষ্টেচনত উপস্থিত হয় দিল্লী ডিব্ৰুগড়মুখী প্ৰথমখন বিশেষ যাত্ৰীবাহী ৰে'ল
উল্লেখ্য যে, সকলো যাত্ৰীৰে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত নিজ নিজ জিলালৈ পঠিয়াই কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে । যাত্ৰীসকলক আদৰণী জনোৱাৰ লগতে তদাৰক কৰিবলৈ লামডিং ষ্টেচনত উপস্থিত হয় লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ।