হোজাই, 28 মে’: হোজাই জিলাৰ বান পৰিস্থিতি শাম কাটিছে যদিও স্বাভাবিক অৱস্থা ঘূৰি অহা নাই ৷ কপিলীৰ জলপৃষ্ঠ বৰ্তমান নিয়ন্ত্ৰনাধীন । কিন্তু বিগত প্ৰায় ১৫ দিন ধৰি বানে জিলাখনত যি বিভীষিকা চলালে তাৰ পৰিপ্ৰেক্ষিতত বহু লোক বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে৷ তথ্য অনুসৰি জিলাখনৰ প্ৰায় একলাখ ৭৯ হাজাৰ লোক বানৰ দ্বাৰা প্ৰভাবিত হৈ আছে ৷ জিলাখনৰ দুটা ৰাজহ চক্ৰৰ ৯১ খন গাঁও পানীয়ে বিস্তৰ ক্ষতি কৰাৰ লগতে ৪,৬৮৭ হেক্টৰ কৃষিভূমি, ৪৫ টা পথ আৰু ৮৯ টা বান্ধ ক্ষতিগ্ৰস্ত হয় (Flood in Hojai)৷
ইয়াৰ মাজতে শনিবাৰে জিলাখনত বানে ক্ষতি কৰা অঞ্চলৰ পৰিস্থিতি বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল শনিবাৰে জিলাখনত উপস্থিত হয় (Delegates of central government in Hojai)৷ দলটোৱে প্ৰথমে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই আলোচনাত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলীৰ বানৰ পৰা জিলাখনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান জনায় ।