হোজাই, 5 আগষ্ট :শাওণৰ ভৰা নৈৰ বুকু কিমান ভয়ংকৰ এই কথা প্ৰতিগৰাকী অসমীয়াৰে জ্ঞাত ৷ তাৰপিছতো কিন্তু এসময়ত শাওণৰ মাহত ভৰা ব্ৰহ্মপুত্ৰ নিৰ্ভয়ে সাঁতুৰি পাৰ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৷ পিছে তেতিয়াৰ কাহিনী আছিল সুকীয়া ৷ এইবাৰ ঘটনাৰ স্থান হোজাই জিলাৰ লামডিঙহে ৷ বুধবাৰে বিয়লি লামডিঙৰ বেঙুনীবস্তি নদীত গা ধুবলৈ গৈছিল তিনি বন্ধুৱে ৷ তাৰে দুজন যুৱকে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী যুৱকৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ৰে’ল নগৰী লামডিঙত বুধবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এই অঘটনটো ৷ শাস্ত্ৰী গাঁৱৰ মাজেৰে বৈ যোৱা এখন নদীলৈ গা ধোৱাৰ উদ্দেশ্যে গৈছিল তিনিগৰাকী যুৱক ৷ অঞ্চলটোত দীৰ্ঘদিনে বাস কৰি অহা অভিষেক বাল্মীকি, সত্যজিৎ ৰাউট আৰু গৌতম ৰাউটে আন কেইগৰাকীমান স্থানীয় যুৱকৰ সৈতে নদীলৈ গৈছিল ৷ দুৰ্ভাগ্যক্ৰমে তিনিওজন যুৱক নৈৰ কোবাল সোঁতত পৰি ডুব যায় ৷ এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ ৷ ৰাইজে সতীৰ্থকেইজনৰ সহযোগত যুৱক কেইজনক উদ্ধাৰ কৰে ৷