অসম

assam

ETV Bharat / state

হোজাইৰ যমুনা নৈত উদ্ধাৰ সন্ধানহীন শিশুৰ মৃতদেহ

বৃহস্পতিবাৰে হোজাইত যমুনা নৈত সন্ধানহীন হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ ৷ এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে বুধবাৰে সন্ধানহীন হোৱা মেৰাজুল ইছলাম নামৰ শিশুটিৰ মৃতদেহ ৷

By

Published : Jul 2, 2020, 8:07 PM IST

হোজাইত যমুনা নৈত উদ্ধাৰ সন্ধানহীন হোৱা শিশুৰ মৃতদেহ
হোজাইত যমুনা নৈত উদ্ধাৰ সন্ধানহীন হোৱা শিশুৰ মৃতদেহ

হোজাই, 2 জুলাই : অৱশেষত উদ্ধাৰ হ’ল যমুনা নৈত সন্ধানহীন হোৱা শিশুৰ মৃতদেহ ৷ এছডিআৰএফ বাহিনীৰ অভিযানত উদ্ধাৰ হ’ল শিশুটিৰ মৃতদেহ ৷

উল্লেখ্য যে, বুধবাৰে হোজাইৰ দেৱস্থানত যমুনা নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মেৰাজুল ইছলাম নামৰ শিশুটি ৷ দেৱস্থানৰ যমুনা কৃষিপাম নিগমত সংঘটিত হৈছিল এই ঘটনা ৷ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় এক কৰুণ পৰিৱেশৰ ৷

লগতে পঢ়ক : শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম'বাইল কাঢ়ি এজনৰ বিলৈ...

ABOUT THE AUTHOR

...view details