হোজাই, 10 ছেপ্টেম্বৰঃমঙলবাৰে হোজাই জিলা লংকাৰ জুঠাংবস্তিত পুখুৰীত উপঙি থকা অৱস্থাত এগৰাকী 7 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ হয়৷ স্থানীয় লোকে নাবালিকা গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি পুখুৰীত পেলাই দিয়া সন্দেহ প্ৰকাশ কৰিছে৷
হোজাইত নাবালিকাৰ মৃতদেহ উদ্ধাৰ - ধৰ্ষণ
পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ কোনো দুৰ্বৃত্তই নাবালিকা গৰাকীক ধৰ্ষণ কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ৷
![হোজাইত নাবালিকাৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4391756-thumbnail-3x2-hfdj1.jpg)
নাবালিকাৰ মৃতদেহ উদ্ধাৰ
নাবালিকাৰ মৃতদেহ উদ্ধাৰ
তথ্যানুসৰি, সোমবাৰে দুপৰীয়া কিশোৰী গৰাকী সন্ধানহীন হৈছিল৷ পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ বহু বিচাৰ খুচাৰ কৰাৰ পাচত গাঁৱৰে মানুহ এঘৰৰ পুখুৰীৰ পাৰত কিশোৰী গৰাকীৰ বস্ত্ৰ উদ্ধাৰ কৰে৷ পৰৱৰ্তী সময়ত সেই পুখুৰীটোতে কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷ ইপিনে স্থানীয় লোকৰ সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তই কিশোৰী গৰাকীক ধৰ্ষণ কৰি পুখুৰীত পেলাই থৈ যায়৷ ঘটনাস্থলীত লংকাৰ উদালী আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো লংকাৰ উদালী আৰক্ষী চকীলৈ লৈ আহে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷