অসম

assam

ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ - খেৰণি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো ভয়ংকৰ ধুমুহা-শিলাবৃষ্টি হয় ৷ ফলত ঘৰ-দুৱাৰ ভঙাৰ লগতে বহু মুল্যৱান গছ-গছনি উভালি পৰে ৷ আনহাতে বিদ্যুৎৰ খুটা ভাঙি পৰাত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা ৷

ETV BHARAT
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ

By

Published : Apr 22, 2020, 8:44 PM IST

হোজাই, 22 এপ্ৰিলঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ ৷ ঘৰ দুৱাৰ ভঙাৰ উপৰিও প্ৰকাণ্ড- প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ আনহাতে জিলাখনত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে যাতায়াতৰ লগতে বিদ্যুৎ সেৱা ৷

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ

পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত ধুমুহাৰ তাণ্ডৱ। প্ৰচণ্ড ধুমুহা-বৰষুণে খেৰণিৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৰাইজ ৷ বিশেষকৈ বৃহত্তৰ খেৰণিৰ ৰিকাংমিহম,ফেলাংপি,ৱাটিজুৰ,মাইলু আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন হয়। বিধ্বংসী ধুমুহাত উৰি যায় বহুলোকৰ বাসগৃহৰ টিনপাত,বিভিন্ন ঠাইত ভাঙি-চিঙি পৰিছে প্ৰকাণ্ড -প্ৰকাণ্ড গছৰ লগতে চিঙি পৰিছে বিদ্যুৎতৰ খুটা। উল্লেখযোগ্য যে,এই ধুমুহা-বৰষুণৰ পিছতে বৃহত্তৰ অঞ্চলটোতে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বিদ্যুৎ যোগানৰ লগতে যাতায়াত সেৱা ।

লগতে পঢ়ক- দুদিন বৰষুণতেই দিহিং মথাউৰিত দ গাতৰ সৃষ্টি

ABOUT THE AUTHOR

...view details