অসম

assam

ETV Bharat / state

হোজাই জিলাৰ ডালমিয়া চিমেন্ট কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড - cement factory fire

হোজাই জিলা লংকাৰ ২ নং পিপল পুখুৰীৰ ডালমিয়া চিমেন্ট কাৰখানাৰ চৌহদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ । ৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা ।

হোজাই জিলাৰ ডালমিয়া চিমেন্ট কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
হোজাই জিলাৰ ডালমিয়া চিমেন্ট কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Apr 8, 2021, 10:33 AM IST

হোজাই, 8 এপ্ৰিল: হোজাই জিলাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে নিশা লংকাৰ 2নং পিপল পুখুৰীৰ ডালমিয়া চিমেন্ট কাৰখানাৰ চৌহদত সংঘটিত এই অগ্নিকাণ্ড ৷ ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰৰ চৌহদত থকা চেগুণ বাগানৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ । জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰি সম্পূৰ্ণ ৰূপে বাগানখন ভস্মীভূত কৰে ।

হোজাই জিলাৰ ডালমিয়া চিমেন্ট কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখ্য যে, 3 খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ স্থানীয় ৰাইজে জানোৱা মতে কাৰখানাৰ চাৰিওফালে প্ৰায় 100 টা বাসগৃহ আছে ৷ কিন্তু কাৰখানাৰ ভিতৰত কেনেকৈ জুইৰ সূত্ৰপাত হ'ল বুলিও একাংশ ৰাইজে প্ৰশ্ন উত্থাপন কৰে ৷ এক ভয়ংকৰ বিপদৰ পৰা চিমেন্ট ফেক্টৰীসহ কাষৰীয়া বৃহত্তৰ জনবসতি এলেকাটো ৰক্ষা পৰে যদিও বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :অসমৰ মাটিত গুলী ফুটাই অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details