হোজাই,15মাৰ্চ: নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত হোজাইৰ ডবকাত জব্দ কৰা হয় বৃহৎ পৰিমানৰ ধন ৷ ডবকাৰ টোলগেটত মাজ নিশা SST টিমৰ অভিযানত জব্দ কৰা হয় এই ধনখিনি ৷ AS08 A 0922 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰা হয় 5 লাখ 5 হাজাৰ 500 টকা ৷ জব্দ কৰা ধনখিনি ডিমা হাচাও জিলাৰ হাফলঙৰ প্ৰাণজিত কেম্প্ৰায় আৰু নিপেন্দ্ৰ হোজাই নামৰ যুৱক দুজনৰ পৰা জব্দ কৰা হয় ৷
নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত হোজাইৰ ডবকাত বৃহৎ পৰিমানৰ ধন জব্দ - SST টিম
SST টিমে ডবকাৰ টোলগেটত অভিযান চলায় জব্দ কৰে বৃহৎ পৰিমানৰ ধন ৷ ধনখিনি লৈ অহা দুজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত হোজাইৰ ডবকাত বৃহৎ পৰিমানৰ ধন জব্দ
SST টিমৰ অভিযান কালত উক্ত লোক দুজনে নগদ ধন খিনিৰ উপযুক্ত নথি পত্ৰ দেখুৱাব পৰা নাছিল ৷ যাৰ বাবে আৰক্ষীয়ে আটক কৰে যুৱক দুজনক ৷ জব্দ কৰা ধন খিনিৰ উৎস আৰু কি কামত ধন খিনি ব্যৱহাৰ কৰা হ'ব এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
অন্য এক খবৰৰ বাবে: সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই