হোজাই,12 এপ্ৰিলঃ হোজাই জিলাৰ নিজ ডবকাত বিগত চাৰি দিন ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ ডবকা গ্ৰামীণ বিকাশ বেংকৰ অধীনত থকা নিজ ডবকাৰ ক্ষুদ্ৰ বেংক শাখাৰ পৰিচালক চেলিম মর্তুজাইয়ে গাঁৱৰ বিভিন্ন লোকৰ একাউন্টৰ পৰা তেওঁলোকৰ হাতৰ টিপ চহীলৈ ধন হৰলুকী কৰাক লৈ অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ ডবকাবাসী ৰাইজ আৰু হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চেলিম মর্তুজাইৰ বিৰুদ্ধে পৃথকে পৃথকে ডবকা থানাত গোচৰ ৰুজু কৰিছে যদিও পৰিচালক চেলিম মর্তুজাক আজিপৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ডবকা আৰক্ষীয়ে ৷ ইপিনে ডবকা আৰক্ষীৰ এই নীৰৱতাক লৈ ক্ষুব্ধ হৈ পৰা ডবকাবাসী ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী, অতি শীঘ্ৰে চেলিম মর্তুজাক গ্ৰেপ্তাৰ কৰাৰ লগতে গ্ৰাহকৰ নামত আৱন্টিত ধন উভতাই দিব লাগে ৷ অন্যথা অতি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব চেলিম মর্তুজা ৷ লগতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই এই সকলো তথ্য পোহৰলৈ আহিব বুলিও দাবী কৰে অঞ্চলটোৰ ৰাইজে ৷
গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকী হোৱাক লৈ ডবকাত উত্তপ্ত পৰিস্থিতি - ৰাইজৰ প্ৰতিবাদ
বিগত চাৰি দিন ধৰি অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে বেংকটোৰ ক্ষুদ্ৰ শাখা পৰিচালক চেলিম মর্তুজাক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ
ডবকাত উত্তপ্ত পৰিস্থিতি
উল্লেখ্য যে, ডবকা গ্ৰামীণ বিকাশ বেংকৰ অধীনত থকা গ্ৰাহক সকলৰ একাউন্টত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূর্তত হঠাৎ চৰকাৰে দহ হাজাৰ দুশ টকাকৈ আগবঢ়ায় ৷ চৰকাৰে আগবঢ়োৱা এই ধন অতি চতুৰালীৰে হিতাধিকাৰীৰ বেংক একাউন্টৰ পৰা তেওঁলোকৰ হাতৰ টিপ চহী লৈ উলিয়াই নিছিল বেংকটোৰ ক্ষুদ্ৰ শাখা পৰিচালক চেলিম মর্তুজাই ৷