হোজাই, ২৪ আগষ্ট:হোজাই জিলাৰ ডবকাত দুখনকৈ বিদ্যালয় প্ৰাংগনত চি আৰ পি এফে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে(CRPF plantation at Dobaka in Hojai)।চি আৰ পি এফৰ এটা দলে ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা বুলি জানিব পৰা গৈছে ।
এই উপলক্ষে চি আৰ পি এৰ(CRPF plantation programme)দলটোৱে প্ৰথমে ডবকা এম ই মাদ্ৰাছা প্ৰাংগনত এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিছৰ দলটোৰ নেতৃত্ব দিয়া বিষয়াগৰাকীয়ে বৰ্তমান সময়ত বনাঞ্চল ধ্বংশ হোৱা বাবে পৰিৱেশ আৰু জলবায়ুৰ পৰিবৰ্তন হৈছে বুলি কয়। এই পৰিৱেশ আৰু জলবায়ুৰ মাজত ভাৰসাম্য় ৰক্ষাৰ বাবে আমি সকলোৱে গছ ৰুব লাগে বুলিও কয় বিষয়াগৰাকীয়ে। তেওঁ পুনৰ কয় যে বর্তমান পৃথিৱীৰ পৰিৱেশলৈ সংকট নামি আহিছে । সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ-গছনিৰহে আছে ৷ সেয়েহে সেউজ পৃথিৱীৰ বাবে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা(CRPF appeal for plantation)কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ।