হোজাই, 2 ডিচেম্বৰ :ৰাজ্য চৰকাৰে প্ৰতিঘৰ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে গ্ৰহণ কৰিছে 'হৰ ঘৰ দস্তক' অভিযান(Har Ghar Dastak campaign begins)ৰ ৷ এই অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি একলাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ইতিমধ্যে সমগ্ৰ দেশজুৰি 124 কোটি লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা বুলি চৰকাৰে দাবী কৰা সময়তে একাংশ লোকৰ মাজত এতিয়াও বিৰাজ কৰিছে ভেকচিনৰ আতংক ৷
হোজাই জিলাত একাংশ লোকে এতিয়াও গ্ৰহণ কৰা নাই ক’ভিড প্ৰতিষেধক । যাৰ বাবে এতিয়া সৰৱ হৈ পৰিছে হোজাই জিলা প্ৰশাসন । হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ নেতৃত্বত বৃহস্পতিবাৰে স্বাস্থ্যকৰ্মীৰ এক বৃহৎ দলে লংকাৰ বিভিন্ন অঞ্চলত চলায় 'হৰ ঘৰ দস্তক' অভিযান । প্ৰশাসনৰ অভিযান কালত একাংশ লোকে ঘৰত তলা ওলমাই পলায়ন কৰাৰ বিপৰীতে আন একাংশই আকৌ জিলা উপায়ুক্তৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় ।