হোজাই, ১৫ মাৰ্চ:কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰা অনুসৰি বুধবাৰৰ পৰা ১২-১৪ বছৰীয়া শিশুৱে পাব ক'ৰণাৰ প্রতিষেধকৰ উপৰিও ষাঠি ঊৰ্ধ্বৰ লোকক দিয়া হ'ব বুষ্টাৰ (COVID vaccination for 12-14 age group) । তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হোজাই জিলা স্বাস্থ্য বিভাগে । সোমবাৰে এই কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী মনসুখ মান্দভিয়াই ।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, বুধবাৰৰ পৰা দেশজুৰি বাৰৰ পৰা চৈধ্য বছৰীয়া বয়সৰ শিশুসকলক প্রতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব । একেদৰে সেইদিনাই বয়স্কসকলক বুষ্টাৰ প্ৰতিষেধক প্ৰদান কৰাৰ কথাও ঘোষণা পৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
বুধবাৰৰ পৰা ১২-১৪ বছৰীয়া শিশুৱে পাব ক'ৰণাৰ প্ৰতিষেধক মঙলবাৰে এই সম্পৰ্কে হোজাই জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ অৰূপজ্যোতি মহন্তই জানিবলৈ দি কয় যে, এই দুয়োটাৰ উপৰিও কাইলৈ অৰ্থাৎ ১৬ মাৰ্চত পালন কৰা হয় National Immunisation Day । উক্ত দিনটোৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ অন্তৰ্গত দুয়োটা ব্লকত Immunisation Day উৎযাপন কৰা হ'ব ।
বিশেষকৈ স্বাস্থ্য বিভাগৰ কৰ্মী সকলক উৎসাহ দিয়াৰ উদ্দেশেই আশা আৰু ANM কৰ্মী সকলক লৈ উক্ত অনুষ্ঠানটি জিলাখনৰ দুই ব্লক লংকা আৰু যোগীজানত অনুষ্ঠিত কৰা হ’ব বুলি জানিব দিয়ে বিষয়া গৰাকীয়ে । উল্লেখযোগ্য যে বাৰ-চৈধ্য বছৰ বয়সৰ শিশুসকলক প্ৰদান কৰা হ’ব বায়’লজিকেল ইভানচেৰ তৈয়াৰী ‘কোর্বেভাঙ্গ প্রতিষেধক ।
লগতে পঢ়ক:অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ