হোজাই, ২১ এপ্ৰিল:ৰাজ্যত ভয়ানকভাৱে কৰ'ণা সংক্ৰমিত হোৱা দেখা গৈছে । কঠোৰ হৈছে চৰকাৰ তথা প্ৰশাসন । ইতিমধ্যে ক'ভিড সম্পৰ্কীয় গাইডলাইনো জাৰি কৰিছে চৰকাৰে । কিন্তু এতিয়াও বহু লোক সজাগ হোৱা নাই । স্বাস্থ্যবিভাগে জাৰি কৰা ক'ভিড প্ৰট'কল বহুতে উলংঘন কৰা দেখা গৈছে । আনকি একাংশ হাস্পতালতে ক'ভিড উলংঘনৰ অভিযোগ উত্থাপন হৈছে ।
হোজাই জিলাৰ লংকাৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্যবিধি উলংঘনৰ অভিযোগ উত্থাপন হৈছে । ক'ভিড প্ৰতিষেধক ল'বলৈ অহা লোকৰ মাজত আনকি নাই সামাজিক দূৰত্ব । গাত গা লগাই প্ৰতিষেধক ল'বলৈ ৰাইজে শাৰী পাতি থকা পৰিলক্ষিত হৈছে ।