অসম

assam

By

Published : May 15, 2021, 10:13 PM IST

ETV Bharat / state

লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এগৰাকী ক'ভিড ৰুগীৰ সন্তান প্ৰসৱ

ক'ভিড প্ৰট'কল অনুসৰি এগৰাকী ক'ভিড ৰুগীৰ প্ৰসৱ যদিও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সম্পাদন কৰিব নোৱাৰে যদিও মানৱতাৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰি কেৱল পি পি কিট পিন্ধিয়েই ক'ভিড ৰুগীৰ প্ৰসৱ সম্পাদন কৰিলে লংকা প্ৰৰ্থমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক এন.কে.দে আৰু নাৰ্চ বন্তি ডেকাই ৷

covid-patient-birth-a-baby-at-lanka-health-center
লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এগৰাকী ক'ভিড ৰুগীৰ সন্তান প্ৰসৱ

হোজাই,15 মে': ক'ভিড ভয়াৱহতাৰ মাজতে লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এগৰাকী চিকিৎসক আৰু কেইগৰাকী মান নাৰ্ছে ডাঙি ধৰিলে মানৱতাৰ নিদৰ্শন ৷ এগৰাকী ক'ভিড আক্ৰান্ত মহিলাক সাধাৰণ পি পি কিট পিন্ধি অতি সাৱধানতাৰে সন্তান প্ৰসৱ সম্পাদন কৰালে এই গৰাকী চিকিৎসক আৰু নাৰ্ছৰ দলটোৱে ৷ ক'ভিড প্ৰট'কল অনুসৰি এগৰাকী ক'ভিড ৰুগীৰ প্ৰসৱ যদিও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সম্পাদন কৰিব নোৱাৰে যদিও মানৱতাৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰি কেৱল পি পি কিট পিন্ধিয়েই ক'ভিড ৰুগীৰ প্ৰসৱ সম্পাদন কৰিলে লংকা প্ৰৰ্থমিক স্বাস্থ্যকেন্দ্ৰত ৷ তথ্য অনুসৰি শনিবাৰে পুৱতি নিশা অনুমানিক 3:45 মান বজাত প্ৰসৱ বেদনা হোৱাত পৰিয়ালৰ লোকে অৰ্চনা বিশ্বাস নামৰ মহিলাগৰাকীক ততাতৈয়াকৈ লংকা প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷ ইয়াৰ মাজতে মহিলাগৰাকীৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি ৷ কিন্তু মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত চটফটাই থকাত উপায়ন্তৰ হৈ চিকিৎসক আৰু নাৰ্চে সাধাৰণ পি পি কিট পিন্ধি অতি সাৱধানতাৰে মহিলা গৰাকীৰ প্ৰসৱ সম্পাদন কৰে ৷

লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এগৰাকী ক'ভিড ৰুগীৰ সন্তান প্ৰসৱ

লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক এন.কে.দে আৰু নাৰ্চ বন্তি ডেকাই নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি সম্পাদন কৰিলে উক্ত প্ৰসৱ ৷ মহিলাগৰাকীয়ে জন্মদিয়া দেৱশিশুটিয়ে প্ৰথম অৱস্থাত উশাহ লোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ আৰু শিশুটিৰ দেহত ক'ভিডৰ কোনো লক্ষণ নাই বুলি জানিব দিয়ে চিকিৎসকে। বৰ্তমান প্ৰসুতি মহিলা গৰাকী আৰু শিশুটিক নিলবাগান ক'ভিড কেয়াৰ চেণ্টাৰলৈ স্থানান্তৰ কৰাৰ লগতে মহিলা গৰাকীৰ পৰিয়ালৰ সকলো সদস্যক ক'ভিড টেষ্ট কৰা হয় । চিকিৎসক আৰু নাৰ্ছ কেইগৰাকীৰ এনে মহানুৱতাৰ শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়কঃকৰিমগঞ্জত ক'ভিডত আক্ৰান্ত হৈ একেটা পৰিয়ালৰে দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details