অসম

assam

By

Published : Apr 30, 2021, 7:33 AM IST

ETV Bharat / state

হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

নিম্নমানৰ খাদ্য, পৰ্যাপ্ত সা-সুবিধা নথকাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি হোজাই জিলা নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত ৷ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত ক’ভিড ৰোগী সকলে বৃহস্পতিবাৰে সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতি ৷

হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি
হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

হোজাই, 30 এপ্ৰিল: বৃহস্পতিবাৰে হোজাই জিলা নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ সৃষ্টি হয় এই তীব্ৰ উত্তেজনাৰ ।

গৰুৰ খাদ্যৰ দৰে কৰ’ণা ৰোগীক খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা কৰ’ণা ৰোগী সকলে । আনকি এই ক’ভিড কেয়াৰ চেন্টাৰত মহিলা ক’ভিড ৰোগীও সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন কৰিছে নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত থকা মহিলা ৰোগী সকলে ।

হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

কিয়নো মহিলা সকলৰ গা-ধোৱা ঘৰৰ দৰ্জাৰ লক বেয়া হৈ আছে চিকিৎসালয় খনত । যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে এই ৰোগী সকল ৷ আনকি পানী, জেনেৰেটৰ আৰু ফেনৰ উপযুক্ত ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰিছে ক’ভিড ৰোগী সকলে ।

বৃহস্পতিবাৰে বিভিন্ন অভিযোগ তুলি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এই ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগী সকলে । আনহাতে, এই সন্দৰ্ভত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে অৱগত কৰাৰ কথাও ব্যক্ত কৰে এই চেন্টাৰটোত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগী সকলে ।

লগতে পঢ়ক:ক'ভিডে ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি পোহৰলৈ আনিছে

ABOUT THE AUTHOR

...view details