অসম

assam

ETV Bharat / state

লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ ক'ভিড সম্পৰ্কীয় সজাগতা কাৰ্যসূচী - সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ ক'ভিড সম্পৰ্কীয় বিশেষ পদক্ষেপ

হোজাই জিলাৰ লংকাত সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ক'ভিড সম্পৰ্কীয় বিশেষ পদক্ষেপ । মহামাৰী ক'ভিড সংক্ৰমণ ৰোধ কৰা আৰু ৰাইজক ক'ভিড সম্পৰ্কত সজাগতা অনাৰ লক্ষ্যৰে গোষ্ঠীৰ কৰ্মকৰ্তা সকলে এই কাৰ্যসূচী গ্ৰহণ কৰে ।

লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ ক'ভিড সম্পৰ্কীয় সজাগতা কাৰ্যসূচী
লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ ক'ভিড সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

By

Published : Apr 24, 2021, 7:11 PM IST

হোজাই, ২৪ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে সকলোকে শংকিত কৰি তুলিছে । ৰাইজক সাৱধান হ'বলৈ চৰকাৰ তথা প্ৰশাসনে বাৰাম্বাৰ সজাগ কৰি আহিছে যদিও সেই সজাগতাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে একাংশ অসচেতন ৰাইজে । মহামাৰী ক'ভিড সংক্ৰমণৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে হোজাই জিলাৰ লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ।

লংকা সেউজ শিল্পী সাংস্কৃতিক গোষ্ঠীৰ ক'ভিড সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

ৰাইজক ক'ভিড সম্পৰ্কত সজাগতা অনাৰ লক্ষ্যৰে গোষ্ঠীৰ কৰ্মকৰ্তাই এক কাৰ্যসূচী গ্ৰহণ কৰে । লংকাৰ পাঞ্চালী গাঁৱৰ পথেৰে অহা বাটৰুৱা, যান-বাহানত অহা লোকসকলৰ মাজত সাংস্কৃতিক গোষ্ঠীটোৰ কৰ্মকৰ্তাই বিতৰণ কৰে মাস্ক আৰু সজাগতা পত্ৰ । প্ৰায় এক হাজাৰতকৈ অধিক লোকক বিতৰণ কৰা হয় মাস্ক আৰু সজাগতা পত্ৰ । উল্লেখ্য যে, ৰাজ্যত প্ৰতি দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ততস্বত্বেও এতিয়াও যেন সজাগ হোৱা নাই একাংশ ৰাইজ ।

লগতে পঢ়ক: উত্তৰ গুৱাহাটীৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details