অসম

assam

ETV Bharat / state

মুম্বাইত মৃত্যুক সাৱটিলে কৰ'ণা ভাইৰাছত আক্ৰান্ত অসমৰ যুৱকে

মৃত্যু হোৱা যুৱকজনৰ ঘৰ হোজাইৰ মোৰাঝাৰত । বৃক্কজনীত সমস্যাতো ভুগি আছিল যুৱকজনে । যুৱকজনৰ নাম বদৰ উদ্দিন ।

By

Published : May 5, 2020, 10:56 AM IST

মুম্বাইত মৃত্যুক সাৱটিলে কৰ'ণা ভাইৰাছত আক্ৰান্ত অসমৰ যুৱকে
মুম্বাইত মৃত্যুক সাৱটিলে কৰ'ণা ভাইৰাছত আক্ৰান্ত অসমৰ যুৱকে

মুম্বাই, 5 মে': মুম্বাইত মৃত্যু হৈছে অসমৰ এজন COVID-19 আক্ৰান্ত যুৱকৰ । যুৱক জনৰ ঘৰ হোজাইৰ মোৰাঝাৰত । কৰ্মসূত্ৰে বিগত ছমাহ ধৰি যুৱকজন মুম্বাইত আছিল ।

মৃত যুৱক জনৰ নাম বদৰ উদ্দিন । কিছুদিন পূৰ্বে অসুস্থ হোৱাত যুৱক জনক জে জে হাস্পিতালত COVID 19 পৰীক্ষা কৰোৱা হয় । তেতিয়াই তেওঁৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ ।

তাৰ পাচতেই যুৱক জনক ভৰ্তি কৰোৱা হৈছিল চেইণ্ট জনছ হাস্পতালত । চিকিৎসাধী অৱস্থাত মৃত্যু হয় যুৱক জনৰ ।

ইপিনে জানাজাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে হাস্পতালৰ কৰ্তৃপক্ষয় । সেয়ে পৰিয়ালৰ অনুমতিত মহাৰাষ্ট্ৰত যুৱকজনৰ কবৰ দিয়া হ'ব ।

উল্লেখ্য যে, যুৱক জন পূৰ্বৰে পৰা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল । যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে মোৰাঝাৰৰ কৰীউনী গাঁৱত ।

ABOUT THE AUTHOR

...view details