হোজাই,১৯ আগষ্ট :হোজাই জিলাৰ উদালি উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰণা কাকী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ (MGNREGA scam at Hojai)। পঞ্চায়তটোৰ অন্তৰ্গত কাকী ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ নামত ২০২০-২০২১ বৰ্ষত MGNREGAৰ অধীনত পৃথকে পৃথকে ১০ লাখ আৰু ৬,৯৬,১৯২ টকাৰ পুঁজিৰ অনুমোদন হৈছিল । কিন্তু অভিযোগ অনুসৰি খেলপথাৰখনৰ উন্নয়নৰ নামত কেৱল ৫০-৬০ গাড়ী মাটি পেলাইয়ে দায়িত্ব সামৰিলে পঞ্চায়তৰ প্ৰতিনিধিসকলে ।
আনহাতে আঁচনি অনুমোদন হোৱাৰ পাছত কামৰ খতিয়ানৰ ফলক লগাব লাগে যদিও সেই ঠাইত প্ৰথমটো কামৰ পুঁজিৰ ফলক হে আছে কিন্তু পিছৰ ৬,৯৬,১৯২ টকাৰ পুঁজিৰ ফলক লগোৱা হোৱা নাই । ইফালে বৰ্তমানলৈকে মুকলি হোৱা ধনৰ ২৫ শতাংশ কামো নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে স্থানীয় লোকসকলে । এইক্ষেত্ৰত স্থানীয় ৰাইজে পঞ্চায়তৰ আঞ্চলিক সদস্যাক প্ৰশ্ন কৰাত সদস্যাগৰাকীয়ে কাম ইমানেই হ'ব বুলি কয় (Corruption in Purana Kaki Gram Panchayat)।