অসম

assam

যমুনামুখৰ দুটাকৈ অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্রশাসনৰ

By

Published : May 23, 2021, 10:03 PM IST

যমুনামুখৰ দুটাকৈ অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে হোজাই জিলা প্ৰশাসনে ৷ যমুনামুখত বিগত দুটা দিনত ২৭ গৰাকীকৈ লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছত প্ৰশাসনে ল’লে এই ব্যৱস্থা ৷

containment zone in jamunamukh
হোজাই জিলাৰ যমুনামুখত দুটাকৈ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্রশাসনৰ

হোজাই , 23 মে’: হোজাই জিলাৰ যমুনামুখৰ দুটাকৈ অঞ্চল জিলা প্রশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । উল্লেখযোগ্য যে,প্ৰশাসনে যমুনামুখ থানাৰ সমুখৰ পৰা নতুন ষ্টেচন লৈকে কন্টেইনমেন্ট জ'ন ঘোষনা কৰিছে এই কন্টেইনমেন্ট জ’ন।

হোজাই জিলাৰ যমুনামুখত দুটাকৈ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা প্রশাসনৰ

ইফালে, এই অঞ্চলটোত বাহিৰা কোনো লোক প্রৱেশ কৰিব নোৱাৰাৰ লগতেএই অঞ্চলৰ লোকৰ ওলোৱা সোমোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে প্ৰশাসনে । উল্লেখযোগ্য যে, যমুনামুখত বিগত দুটা দিনত ২৭ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ৷ পৰৱৰ্তী সময়ৰ বাবে এই কভিড সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা এই ব্যৱস্থা লোৱা হৈছে ।

ইফালে, ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰাল ভাৱে হোজাই জিলাতো ব্যাপকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ অৱশ্যে, প্ৰশাসনৰ ক’ভিড নীতি অৱলম্বন কৰি কৰ’ণাৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত হোজাই বাসীৰ সচেতন অংশগ্ৰহণ অব্যাহত আছে ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details