হোজাই, 27 এপ্ৰিল :পৌৰনিগম আৰু পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷ তেওঁ কয় যে, "কংগ্ৰেছ শূন্যই হৈ গ'ল, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো শূন্য হ'ল ৷ কংগ্ৰেছে ভৱিষ্যতে কোনো ঠাইত থিতাপি ল'ব নোৱাৰিব’’ ৷ ৰিপুন বৰাৰ কংগ্ৰেছ দল ত্যাগ আৰু তৃণমূলত যোগদান সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্রী যোগেন মহনে (Jogen Mohan's reaction on Ripun Bora joining TMC)৷
মঙলবাৰে হোজাইত উপস্থিত হয় ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা, পার্বত্য এলেকা উন্নয়ন তথা খনি মন্ত্রী যোগেন মহন (Minister Jogen Mohan at Hojai) ৷ প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ পূৰ্বে হোজাই উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্রী যোগেন মহন ৷ অহা 28 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে অসমত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, কাৰ্বি আংলংৰ লৰিংথেপিৰ ৰাজহুৱা সভাত অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰী মোডী ৷ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ ৰাজহুৱা সভা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi's Assam visit)।