হোজাই,10 মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচনত প্ৰত্যেকটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো ঘোষণা কৰা হৈছে প্ৰাৰ্থীত্বৰ তালিকা ৷ কিন্তু বৰ্তমানেও ঘোষণা কৰা হোৱা নাই হোজাই সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ ইপিনে সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই যদিও দেৱব্ৰত সাহাৰ নাম সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি চৰ্চিত হৈছে ৷ দেৱব্ৰত সাহাৰ নাম চৰ্চিত হোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে হোজাই কংগ্ৰেছৰ ভিতৰ চ'ৰা ৷
হোজাই কংগ্ৰেছত পাৰ্থিত্বকেন্দ্ৰিক সংঘাট
হোজাই সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই যদিও দেৱব্ৰত সাহাৰ নাম সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি চৰ্চিত হোৱাত প্ৰতিবাদমুখৰ হৈ পৰিছে হোজাই কংগ্ৰেছৰ ভিতৰ চ'ৰা ৷
হোজাই কংগ্ৰেছত পাৰ্থিত্বকেন্দ্ৰিক সংঘাট
মঙলবাৰে কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে দেৱব্ৰত সাহা মুৰ্দাবাদ ধ্বনি দি সুপ্ৰতিম কৌৰৰ টিকটৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথত প্ৰতিবাদ কৰি সুপ্ৰতিম কৌৰ জিন্দবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:পাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে !