হোজাই,29ডিচেম্বৰঃঅত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাইত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মঙলবাৰে হোজাই জিলা কংগ্ৰেছে চাইকেল ৰেলীৰে শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে ৷
হোজাই জিলা কংগ্ৰেছৰ চাইকেল ৰেলীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
মঙলবাৰে হোজাই জিলা কংগ্ৰেছে চাইকেল ৰেলীৰে শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে ৷
হোজাই জিলা কংগ্ৰেছৰ চাইকেল ৰেলীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
পেট্ৰল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ, বিদ্যুৎ মাছুলকে ধৰি নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জলাক’লা খুৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে হোজাইৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্রেৰণ কৰে ।
লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী