হোজাই,13 নৱেম্বৰ : শুকুৰবাৰে হোজাই জিলাৰ লামডিং সমষ্টিৰ উদালী তিনিআলিত সাংবাদিক পৰাগ ভূঞা হত্য়াকাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা যুৱ কংগ্ৰেছ আৰু লামডিং যুৱ কংগ্ৰেছে ৷
পৰাগ ভূঞা হত্য়াকাণ্ড : হোজাইত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ - কংগ্ৰেছ
শুকুৰবাৰে সাংবাদিক পৰাগ ভূঞা হত্য়াকাণ্ডৰ প্ৰতিবাদ সাব্যস্ত হোজাই জিলা যুৱ কংগ্ৰেছ আৰু লামডিং যুৱ কংগ্ৰেছৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰাৰ দাবী কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
![পৰাগ ভূঞা হত্য়াকাণ্ড : হোজাইত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ congress protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9536994-1063-9536994-1605273729785.jpg)
কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি কাকপথাৰৰ সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে ৷ ইয়াৰোপৰি তেওঁলোকে সাধাৰণ নাগৰিক আৰু সাংবাদিক সকলৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায় ৷
লগতে পঢ়ক :বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ