অসম

assam

ETV Bharat / state

হোজাই, বৰপেটা, মৰিয়নীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন - বিজেপি চৰকাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা, বৰপেটা, মৰিয়নীতো শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন ৷

কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন
কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

By

Published : Aug 4, 2020, 3:13 AM IST

নিউজ ডেস্ক, 4 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে হোজাই জিলাটো কংগ্ৰেছৰ দ্বাৰা ব্যাপক ভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে পালন কৰা হয় প্ৰতাৰণা দিৱস । হোজাই জিলাৰ কংগ্ৰেছ কর্মী সকলে হোজাই চহৰৰ মাজমজিয়াত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশ অনুসৰি সাব্যস্ত কৰে প্ৰতিবাদ কাৰ্যসূচী । প্ৰতিবাদকাৰী সকলে অসম তথা উত্তৰ-পূৱৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ পালন কৰিব নোৱাৰাৰ বাবে বিজেপি চৰকাৰক ধিক্কাৰ দিয়ে ।

কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ সৰভোগ সমষ্টিতো কংগ্ৰেছ কৰ্মী সকলে পালন কৰে প্ৰতাৰণা দিৱস ৷ বিজেপি চৰকাৰে বান আৰু বান সাহায্যৰ নামত অসমক দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে ৷ সৰভোগত কংগ্ৰেছ কৰ্মী সকলে কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ কৰি অসম চৰকাৰ মূৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মূৰ্দাবাদ,মুখ্যমন্ত্ৰী সোণোৱাল হুছিয়াৰ, বিজেপিৰ চৰকাৰে ভুৱা প্ৰতিশ্ৰুতিৰ ৰাজনীতি বন্ধ কৰক আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ ৷ এই প্ৰতাৰণা দিৱসৰ কাৰ্যসূচীত চকচকা ব্লক কংগ্ৰেছৰ সভাপতি কল্যাণ জিৎ দাসকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেবাজনো নেতা উপস্থিত থাকে ৷

মৰিয়নীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত মৰিয়নী সমষ্টিৰ বাঘচোং আৰু চেলেং হাট ব্লকৰ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীও বিজেপি চৰকাৰখনৰ বিৰুদ্ধে পালন কৰে প্ৰতাৰণা দিৱস । এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাৱে সমালোচনা কৰে বিধায়ক কুৰ্মীয়ে । আনহাতে প্ৰতিবাদস্থলীত অসমৰ বান সমস্যা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা কৰা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মূর্দাবাদ, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী গ বেক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে চাওক-তিনিচুকীয়াত অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details