হোজাই, 27 ফেব্ৰুৱাৰী :নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতে এক নতুন ৰূপ লৈছে ৷ এইবাৰ হোজাই জিলাত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতৰ ফলত কংগ্ৰেছৰ কৰ্মীৰ মাজতে সৃষ্টি হয় হতাহতি ৷
উল্লেখ্য যে, লামডিঙত কংগ্ৰেছৰ দলৰ এখন জনসভা অনুষ্ঠিত হয় ৷ উক্ত সভাত লামডিং সমষ্টিৰ কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায় আৰু স্বপন কৰৰ ফৈদৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰীক কাজিয়াৰ সূত্ৰপাত হয় ।